হিমন্ত বিশ্ব শৰ্মা দেৱলৈ এখন মুকলি চিঠি


হিমন্ত বিশ্ব শৰ্মা দেৱলৈ এখন মুকলি চিঠি

  • ✍. প্ৰাঞ্জল দত্ত (ছাত্ৰ)
  • ✍. অলিপন বৰা (ছাত্ৰ)
  • গোলাঘাট জিলাৰ পৰা

  • প্ৰতি,
  • হিমন্ত বিশ্ব শৰ্মা।
  • স্বাস্থ্যমন্ত্ৰী/শিক্ষামন্ত্ৰী,অসম।
  • তাং:- ১৫/১০/২০১৭
  • মাননীয় স্বাস্থ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ছাৰ, আপোনাৰ কায্যকৰী সময়চোৱাত অসমৰ শিক্ষাবিভাগ আৰু স্বাস্থ্যবিভাগে অতি কম সময়তেই উন্নতিৰ জখলাত দূৰ্দান্ত গতিৰে বগাই গৈছে। অসমৰ এই সোণালী দিনৰ আগমনত আমি অসমবাসী আপোনাৰ ওচৰত চিৰদিন ঋণী আৰু আপুনি এই ধন্যবাদৰ প্ৰাপ্তি।আমি জানোঁ আপুনি বহুত ব্যস্ত হৈ থাকে,প্ৰতিটো সময়ত আপুনি মাথোঁ যুজি আহিছে অসম আৰু অসমীয়াৰ বাবে,ঠিক এই সময়ত আমি দুই বন্ধুৱে মিলি সমূহ গোলাঘাট বাসীৰ হৈ আপোনাৰ ওচৰত এটি ভিক্ষা মাগি এই চিঠিখন লিখিলো। আমি দুয়ো গোলাঘাট জিলাৰ কলেজীয়া ছাত্ৰ।তিনিটাকৈ মহকুমাৰ গোলাঘাট,বোকাঘাট,দেৰগাওঁকে সামৰি সৰুপথাৰৰ পৰা মেৰাপানীলৈকে গোলাঘাট জিলা এখন বিশাল জনবসতিৰ ঠাই।এই জিলা খনৰ যি কোনো চুকৰ কোনো দূৰ্ঘটনাত আঘাতপ্ৰাপ্ত অথবা কোনো ইমাৰ্জেন্সী ৰোগীক পোন প্ৰথমে লৈ অহা হয় গোলাঘাট চহৰৰ কুশল কোঁৱৰ অসামৰিক চিকিৎসা হস্পিতাললৈ,ওচৰ চুবুৰীয়া জিলা কাৰ্বি আংলংৰ বহু সংখ্যক ৰোগীও পোন প্ৰথমে ঢাপলি মেলি আহে এই হস্পিতাললৈ, যিহেতু ইমাৰ্জেন্সী অৱস্থাত অনা হয় সেই সময়ত প্ৰায় ভাগ কেছত ডাক্তৰে ৰোগী জনক লৰালৰিকৈ নহয় যোৰহাট-নহয় গুৱাহাটী-নহয় ডিব্ৰুগড়ৰলৈ নিবলৈ কয়, কাৰণ গোলাঘাট জিলাৰ সামৰিক-অসামৰিক কোন এখন হস্পিতালত নাই ICU ৰ ব্যৱস্থা-নাই নিন্মতম অত্যাধুনিক সেই ব্যৱস্থা খিনি যাৰ জড়িতে কোনো ৰোগীক অন্ততঃ লৰা লৰি কৰিব লগীয়া নহয় অন্য জিলাৰ অন্য হস্পিতাললৈ নিবলৈ।বৰ্তমান সময়ত ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ যি হে অৱস্থা, ইমাৰ্জেন্সী ৰোগীজন গৈ যোৰহাট পোৱাও অসম্ভৱ। ডিব্ৰুগড়তো দূৰৰ কথা, আপুনিও হয়তো এনে বহু ৰোগীয়ে বাটতে প্ৰাণ হেৰুৱাৰ কথা শুনিছে। হিমন্ত বিশ্ব শৰ্মা ছাৰ আমাক গোলাঘাট জিলাত চিকিৎসা মহাবিদ্যালয়ৰ নালাগে, আমাক আপুনি প্ৰথমে গোলাঘাট জিলাৰ হস্পিতালত ICU ব্যৱস্থা কৰি দিয়ক,দিয়ক আমাক সেই নিন্মতম অত্যাধুনিক ব্যৱস্থা সমূহ যাৰ জড়িয়তে আমি গোলাঘাটবাসীয়ে সকাহ পাওঁ আমাৰ প্ৰতিজন ৰোগীক লৈ।অতি শীঘ্ৰেই এই ব্যৱস্থা দি গোলাঘাটবাসীক উদ্ধাৰ কৰক ছাৰ।আপোনাক আকৌ সোঁৱৰাই দিছোঁ গোলাঘাট এখন সৰু ঠাই নহয়, যোৱা তিনি – চাৰি বছৰত এনে বহু কেছ হৈছে য’ত গোলাঘাটৰ পৰা পঠিওৱা ১০ জন ৰোগীৰ ৬ জনৰেই ৰাস্তাতেই অকাল মৃত্যু হৈছে। কথাখিনি গুৰুত্ব সহকাৰে লৈ আপুনি এটা সঠিক সিদ্ধান্ত ল’ব বুলি আমি দুয়ো লগতে সমূহ গোলাঘাটবাসী আশাবাদী।
  • অৱশেষত আপুনিযেন চিৰদিন সুখী হৈ ৰওঁক আৰু আপোনাৰ স্বাস্থ্যও যেন সদায় কুশলে থাকক।
  • আপোনাৰ দুই প্ৰিয় শিষ্য

প্ৰাঞ্জল দত্ত, অলিপন বৰা।

☎৯৮৫৯৫৭৮৭৮৭

☎ ৮৮৭৬৭০০৬৫৯

Advertisements

হেৰুৱা প্ৰেমিকা

যোৰহাট বাহনা কলেজত পঢ়া
সেই মাজুলীৰ ছোৱালী জনী।
তুমিয়েই চোন মোক শিকাইছিলা
প্ৰেম শব্দৰ পৰা নহয়,
প্ৰেম অন্তৰৰ পৰা…
যেন কাতিৰ সেউজীয়া পথাৰ
বোকা আলিত তুমি আৰু মই
এজাক বৰষুণ,
আৰু এটি চুমা।
বেয়া নাপাবা অনামিকা…
জুবিন গাৰ্গৰ দৰে মই
তোমাৰ বাবে গান গাব নোৱাৰিম
তোমাৰ নামত…
এলবাম উলিওৱাৰ কথাও মই ভবা নাই।
তথাপিও অতিতৰ কথাক সোঁৱৰাই
মাজনিশা প্ৰায়ে মই ধেমালি কৰো
বৈ অহা গৰম চকুলো
আৰু ঘনকৈ লোৱা উশাহৰ সৈতে।
তোমাক লৈ প্ৰায়ে কবিতা লিখো
তোমাৰ পৰা আৰম্ভ কৰো হ’য়
পিছে শেষ হয় তুমিহীনতাত।
সেইবাবেই হয়তো
কবিতাবোৰ শিৰোনামাহীন।
মনত আছেনে…
মাজুলীৰ কহৰা বনৰ মাজত পাৰ
কৰা সময় বোৰ,
সেই বতাহ জাক,
তোমাৰ চুলিবোৰে উৰি উৰি
মোৰ উঠক স্পৰ্শ কৰিছিল।
এহ বাদ দিয়া…
এতিয়াতো তোমাৰ আপোন…
মহানগৰীৰ বাইকৰ বতাহ।
মোৰ কবিতাই কিন্তু সেই দিন
বোৰ জীপাল কৰি ৰাখিব।
যিমানেই খৰাং নহওক কিয়,
মোৰ সদায় মনত থাকিব
তুমিয়েইতো একমাত্ৰ ছোৱালী
যাৰ সৈতে মই বৰষুণত তিতিছিলোঁ
তুমি তোমাৰ দীঘলীয়া চুলি খিনি হাতেৰে ধৰি
মোক চিটিকৈ পানী মৰা নাছিলা জানো।
তুমিতো এজাক ধুমুহা আছিলা- প্ৰেমৰ
সেইবাবেই হয়তো…
বৰষুণবোৰে মোক সদায় আমনি কৰি কয়
বন্ধু দেখিছা বিশ্বাসৰ ফল,
বিশ্বাসৰ বাবেই
আজি মই এই ঠাণ্ডা বৰষুণৰ
মাজত
তোমাৰ গৰম চকুলোৰ সুবাস লবলৈ সুবিধা পাইছো।
যোৰহাট বাহনা কলেজত পঢা
সেই মাজুলীৰ ছোৱালী জনী।
তুমিয়েই কোৱা
মই আজি হেৰুৱালো কাক
তোমাক নে মোক…

  • কবি:-প্ৰাঞ্জল দত্ত , গোলাঘাট
  •  ৯৮৫৯৫৭৮৭৮৭

হেৰুৱা বন্ধুৰ সন্ধানত…

আমি চাৰি বন্ধু আছিলোঁ

চাৰিদিশ বিচাৰি…

কেতিয়া দিশহাৰা হ’লো গমেই নাপালো।

সি উত্তৰলৈ গ’ল,

তুমি দক্ষিণলৈ গলা।

তই পূৱলৈ গলি,

মই পশ্চিমলৈ আহিছোঁ।।

অ’ মোৰ হেৰুৱা বন্ধু…

পিয়ন মামা সূৰ্য্য দাৰ হাতত দি পঠিওৱা

তোৰ চিঠিখন সদায় পাওঁ।

ভাল লাগে..

তোৰ জীৱনত ঘটি থকা কথা বোৰ পঢ়ি।

সদায় তোৰ চিঠিখনলৈ বাট চাই থাকো

সূৰ্য্য মামা নহা দিনা

ডাৱৰ দাদাকে চিঞৰো,

ডাৱৰ দাদাই আকৌ মোক নামাতে

মই হেনো নিষ্ঠুৰ…

বন্ধুৰ নামত কলংক।

দাদাক যেতিয়াই সোধো

মোৰ বন্ধুৰ খবৰ কি

দাদাই তেতিয়াই মোলৈ 

মাথোঁ এমুঠি বৰষুণ এৰি দিয়ে।

এইয়া বাৰু তোৰ চকুলো নি মোৰ বন্ধু,

তোৰ চিঠিৰ উত্তৰত লিখিলো

মইও হাজাৰ চিঠি।

সূৰ্য্য মামা আকৌ পূৱৰ পৰা পশ্চিমলৈ হে আহে..

উভটি হেনো নাযায়

কি কৰোঁ ক’

দুৰ্ভগীয়া তোৰ এই পশ্চিমমুখী বন্ধু।।
✍.প্ৰাঞ্জল দত্ত,গোলাঘাট

☎. ৯৮৫৯৫৭৮৭৮৭

✎. ২২/০৪/২০১৭

“মৌনতা”

কালি:-

তুমি মনে মনে আছিলা,

আপুনি মনে মনে আছিল।

জনাজনে সকলো জানিছিল..

দেখাজনে সকলো দেখিছিল..

তথাপি 

সকলো জানিও

সকলো মনে মনে আছিল।।

আজি:-

ব্ৰেকিং নিউজ!

গণেশগুৰিত বোমা বিস্ফোৰণ

বাৱন্নজন আহত, সাতাইজন নিহত।

কাইলৈ:-

কোনো এক ৰাজহুৱা সভাত

তুমিও মনে মনে থাকিবা,

আপুনিও মনে মনে থাকিব।

জনাজনে সকলো জানে..

দেখাজনে সকলো দেখে..

তথাপি 

সকলো জানিও

সকলো মনে মনে থাকিব।

এক মিনিটৰ মৌন প্ৰাৰ্থনা ।।
( প্ৰাঞ্জল দত্তৰ কবিতা ✍

9859578787 ☎

Pranjal Dutta,Assam)